অধ্যায় 04 মোৰ সৰু-সুৰা ব্যক্তিগত পুথিভঁৰাল
ধম্মবীৰ ভাৰতী
জুলাই ১৯৮৯। ৰক্ষা পোৱাৰ কোনো আশা নাছিল। তিনিটা-তিনিটা ভয়ংকৰ হাৰ্ট-এটেক, এটাৰ পিছত এটা। এটা তেনেকুৱা যে নাড়ী বন্ধ, উশাহ বন্ধ, হৃদস্পন্দন বন্ধ। ডাক্তৰসকলে ঘোষণা কৰি দিলে যে এতিয়া প্ৰাণ নাই। কিন্তু ডাক্তৰ বৰ্জেছে তেতিয়াও সাহস হেৰুৱা নাছিল। তেওঁ নৱশত ভল্টৰ শ্বক (Shocks) দিলে। ভয়ংকৰ পৰীক্ষা। কিন্তু তেওঁ ক’লে যে যদি এইটো মৃত শৰীৰ মাত্ৰ হয় তেন্তে বিষ অনুভৱ হ’বই নোৱাৰে, কিন্তু যদি ক’তো অলপো এটা কণ প্ৰাণ বাকী থাকে তেন্তে হাৰ্ট ৰিভাইভ (Revive) কৰিব পাৰে। প্ৰাণ উভতি আহিল, কিন্তু এই পৰীক্ষাত ষাঠি শতাংশ হাৰ্ট সদায়ৰ বাবে নষ্ট হৈ গ’ল। কেৱল চল্লিশ শতাংশ বাকী থাকিল। তাৰ ভিতৰতো তিনিটা ‘অৱৰোধ’ (Blockage) আছে। ওপেন হাৰ্ট অপাৰেচন কৰিবই লাগিব কিন্তু চাৰ্জনসকলে হেঁচুকি আছে। কেৱল চল্লিশ শতাংশ হাৰ্ট আছে। অপাৰেচনৰ পিছত যদি ৰিভাইভ নহয় তেন্তে? ঠিক হ’ল যে অন্যান্য বিশেষজ্ঞসকলৰ মতামত লৈ লোৱা হ’ব, তেতিয়া কিছু দিনৰ পিছত অপাৰেচনৰ কথা ভাবিব। তেতিয়ালৈকে ঘৰলৈ গৈ নলৰা-নচৰাকৈ বিশ্ৰাম কৰিব।
যিয়েই নহওক, এনে অৰ্ধমৃত্যু ${ }^{2}$ অৱস্থাত ঘূৰাই ঘৰলৈ অনা হয় মোক। মোৰ জিদ যে শোৱাকোঠাত নহয়, মোক মোৰ কিতাপ থকা কোঠাটোতেই ৰখা হ’ব। তাতে শুৱাই দিয়া হৈছে মোক। খোজকাঢ়া, কথা কোৱা, পঢ়া নিষেধ। দিনটো পৰি-পৰি দুটাহে বস্তু চাই
- ৰুকাৱট 2. অৰ্ধমৃত

থাকো, বাওঁফালৰ খিৰিকীৰ সন্মুখত থাকি-থাকি বতাহত জুলি থকা চুপাৰি গছৰ জালৰদাৰ পাতবোৰ আৰু ভিতৰৰ কোঠাটোত চাৰিওফালে মজিয়াৰ পৰা আৰম্ভ কৰি চাললৈকে ওখ, কিতাপেৰে ঠাহখোৱা আলমাৰীবোৰ। ল’ৰালিতে পৰী কাহিনী (Fairy tales) ত যেনে পঢ়িছিলো যে ৰজাৰ প্ৰাণ তেওঁৰ শৰীৰত নাথাকে, টটীয়াত থাকে, তেনেকৈয়ে লাগিছিল যে মোৰ প্ৰাণ এই শৰীৰৰ পৰা ওলাই গৈছে, সেই প্ৰাণবোৰ এই হাজাৰ হাজাৰ কিতাপত বাস কৰিছে যিবোৰ গত চল্লিশ-পঞ্চাশ বছৰত লাহে লাহে মোৰ ওচৰত জমা হৈ আহিছে।
কিদৰে জমা হৈছিল, সংগ্ৰহৰ আৰম্ভণি কেনেকৈ হ’ল, সেই কাহিনী পাছত ক’ম। প্ৰথমে এইটো ক’ব লাগিব যে কিতাপ পঢ়া আৰু সাঁচি থোৱাৰ শৌক কেনেকৈ জাগ্ৰত হ’ল। ল’ৰালিৰ কথা। সেই সময়ত আৰ্য সমাজৰ সংস্কাৰবাদী আন্দোলন নিজৰ সম্পূৰ্ণ জোৰত আছিল। মোৰ দেউতা আৰ্য সমাজ ৰাণীমণ্ডীৰ প্ৰধান আছিল আৰু মায়ে নাৰী-শিক্ষাৰ বাবে আদৰ্শ কন্যা পাঠশালাৰ স্থাপনা কৰিছিল।
দেউতাৰ ভাল-খিনি চৰকাৰী চাকৰি আছিল। ব্ৰহ্মদেশ ৰোড যেতিয়া সাজি আছিল তেতিয়া বহুত উপাৰ্জন কৰিছিল তেওঁ। কিন্তু মোৰ জন্মৰ আগতেই গান্ধীজীৰ আহ্বানত তেওঁ চৰকাৰী চাকৰি এৰি দিছিল। আমি ডাঙৰ অৰ্থনৈতিক ${ }^{1}$ কষ্টৰ মাজেৰে গৈ আছিলো, তথাপিও ঘৰত নিয়মিত কাকত-আলোচনী আহিছিল-‘আৰ্য্যমিত্ৰ সাপ্তাহিক’, ‘বেদোদম’, ‘সৰস্বতী’, ‘গৃহিণী’ আৰু দুখন শিশু আলোচনী বিশেষকৈ মোৰ বাবে-‘বালসখা’ আৰু ‘চমচম’। তাত থাকিছিল পৰী, ৰাজকুমাৰ, দানৱ আৰু সুন্দৰী ৰাজকন্যাসকলৰ কাহিনী আৰু ৰেখাচিত্ৰ। মোৰ পঢ়াৰ চাট লাগি গ’ল। সদায় পঢ়ি থাকো। খোৱা খাওঁতে থালীৰ ওচৰত আলোচনীবোৰ ৰাখি পঢ়ো। মোৰ দুয়োখন আলোচনীৰ উপৰিও ‘সৰস্বতী’ আৰু ‘আৰ্য্যমিত্ৰ’ পঢ়াৰ চেষ্টা কৰো। ঘৰত পুথিও আছিল। উপনিষদ আৰু সেইবোৰৰ হিন্দী অনুবাদ, ‘সত্যাৰ্থ প্ৰকাশ’। ‘সত্যাৰ্থ প্ৰকাশ’ৰ খণ্ডন-মণ্ডন অধ্যায়বোৰ সম্পূৰ্ণৰূপে বুজিব নোৱাৰিলেও, পঢ়োতে মজা পাইছিলো। মোৰ প্ৰিয় পুথি আছিল স্বামী দয়ানন্দৰ এখন জীৱনী, ৰসাল ${ }^{2}$ শৈলীত লিখা, বহুতো চিত্ৰেৰে সুসজ্জিত। তেওঁ তৎকালীন পাখণ্ডবোৰৰ বিৰুদ্ধে অদম্য ${ }^{4}$ সাহস $^{3}$
- টকা-পইচা সম্পৰ্কীয় 2. মনোৰঞ্জক 3. দেখুৱাবুজা, ঢকোসালা 4. যাক দমন কৰিব নোৱাৰি
দেখুওৱা আচৰিত ব্যক্তিত্ব আছিল। কিমান যে ৰোমাঞ্চকৰ ঘটনা আছিল তেওঁৰ জীৱনৰ যিবোৰে মোক বহুত প্ৰভাৱিত কৰিছিল। নিগনিৰে ভগৱানৰ ভোগ খোৱা দেখি মানি লোৱা যে প্ৰতিমাবোৰ ভগৱান নহয়, ঘৰ এৰি পলাই যোৱা, সকলো তীৰ্থ, জংঘল, গুহা, হিমশিখৰত সাধুসকলৰ মাজত ঘূৰি ফুৰা আৰু সকলো ঠাইতে এইটোৰ সন্ধান কৰা যে ভগৱান কি? সত্য কি? যি যি সমাজ-বিৰোধী, মানুহ-বিৰোধী মূল্যবোধ আছে, ৰীতি-নীতি আছে, সেইবোৰৰ খণ্ডন কৰা আৰু শেষত নিজৰ পৰা হাৰা মানুহক ক্ষমা কৰি তাক সহায় কৰা। এই সকলোবোৰে মোৰ শিশুমনক বহুত ৰোমাঞ্চিত ${ }^{2}$ কৰিছিল। যেতিয়া এই সকলোবোৰৰ পৰা ভাগৰ লাগে তেতিয়া আকৌ ‘বালসখা’ আৰু ‘চমচম’ৰ আগতে পঢ়া কাহিনীবোৰ দুবাৰকৈ পঢ়ো। মায়ে স্কুলীয়া পঢ়াত গুৰুত্ব দিছিল। চিন্তিত থাকিছিল যে ল’ৰাটোৱে শ্ৰেণীৰ কিতাপ নপঢ়ে। পাছ কেনেকৈ হ’ব! ক’তো নিজে সাধু হৈ ঘৰৰ পৰা পলাই গ’ল তেন্তে? দেউতা কয় জীৱনত এই পঢ়াইহে কাম দিব, পঢ়িবলৈ দিয়া। মোক স্কুললৈ পঠোৱা হোৱা নাছিল, আৰম্ভণিৰ পঢ়াৰ বাবে ঘৰত মাষ্টৰ ৰখা হৈছিল। দেউতা নিবিচাৰিছিল যে নুবুজা বয়সত মই বেয়া সংগতিত পৰি গালি-শপনি শিকো, বেয়া সংস্কাৰ গ্ৰহণ কৰো গতিকে মোৰ নাম লিখোৱা হ’ল, যেতিয়া মই শ্ৰেণী দুটা পৰ্যন্তৰ পঢ়া ঘৰতে কৰি শেষ কৰিছিলো। তৃতীয় শ্ৰেণীত মই ভৰ্তি হ’লো। সেইদিনা সন্ধিয়া দেউতাই আঙুলি ধৰি মোক ঘূৰাই নিলে। লোকনাথৰ এখন দোকানত তাজা আনাৰৰ চৰবত মাটিৰ কুলহত দিলে আৰু মূৰত হাত থৈ ক’লে-“প্ৰতিশ্ৰুতি দিয়া যে পাঠ্যক্ৰমৰ কিতাপবোৰো ইমানেই মনোযোগেৰে পঢ়িবা, মাৰ চিন্তা মচি দিবা।” তেওঁৰ আশীৰ্বাদ আছিল নে মোৰ জীৱন-ভাঙা পৰিশ্ৰম যে তৃতীয়, চতুৰ্থ শ্ৰেণীত মোৰ ভাল নম্বৰ আহিল আৰু পঞ্চম শ্ৰেণীততো মই প্ৰথম হ’লো। মায়ে চকুপানী ভৰাই সাৱটি ধৰিলে, দেউতা হাঁহি থাকিল, একো নক’লে। যিহেতু ইংৰাজীত মোৰ নম্বৰ আটাইতকৈ বেছি আছিল, গতিকে স্কুলৰ পৰা পুৰস্কাৰ হিচাপে দুখন ইংৰাজী কিতাপ পাইছিলো। এখনত দুটা সৰু ল’ৰা বাহৰ সন্ধানত বাগিচা আৰু বননিৰ মাজত ঘূৰি ফুৰে আৰু এই ছলেৰে চৰাইবোৰৰ জাতি, সেইবোৰৰ মাত, সেইবোৰৰ অভ্যাসৰ জ্ঞান পায়। আনখন কিতাপ আছিল ‘ট্ৰাষ্টী দ্য ৰাগ’ য’ত পানীৰ জাহাজৰ কাহিনী আছিল-কিমান প্ৰকাৰৰ হয়, কি কি মাল বোজা লৈ আহে, ক’ৰ পৰা আহে,[^25]
- প্ৰথা 2. পুলকিত
ক’লৈ নিয়ে, নাৱিকসকলৰ জীৱন কেনেকুৱা হয়, কেনেকৈ-কেনেকৈ দ্বীপ ${ }^{1}$ পোৱা যায়, ক’ত হ্বেল হয়, ক’ত শ্বাৰ্ক হয়।
এই দুয়োখন কিতাপে মোৰ বাবে এখন নতুন পৃথিৱীৰ দুৱাৰ খুলি দিলে। চৰাইৰে ভৰা আকাশ আৰু ৰহস্যৰে ভৰা সাগৰ। দেউতাই আলমাৰীৰ এখন খানাৰ পৰা নিজৰ বস্তুবোৰ আঁতৰাই ঠাই কৰিলে আৰু মোৰ দুয়োখন কিতাপ সেই খানাত ৰাখি ক’লে-“আজিৰ পৰা এই খানা তোমাৰ নিজৰ কিতাপৰ। এইটো তোমাৰ নিজৰ লাইব্ৰেৰী।”
ইয়াৰ পৰা আৰম্ভ হ’ল সেই শিশুৰ লাইব্ৰেৰী। শিশু কিশোৰ হ’ল, স্কুলৰ পৰা কলেজ, কলেজৰ পৰা ইউনিভাৰ্চিটিলৈ গ’ল, ডক্টৰেট লাভ কৰিলে, ইউনিভাৰ্চিটিত শিক্ষকতা কৰিলে, শিক্ষকতা এৰি এলাহাবাদৰ পৰা বোম্বাইলৈ আহিল, সম্পাদনা কৰিলে। সেই অনুপাতে নিজৰ লাইব্ৰেৰীৰ সম্প্ৰসাৰণ কৰি গ’ল।
কিন্তু আপুনি সুধিব পাৰে যে কিতাপ পঢ়াৰ শৌক ভাল, কিতাপ গোটোৱাৰ উন্মাদনা কিয় আহিল? তাৰ কাৰণো ল’ৰালিৰ এটা অভিজ্ঞতা। এলাহাবাদ ভাৰতৰ প্ৰখ্যাত ${ }^{2}$ শিক্ষা-কেন্দ্ৰবোৰৰ এটা আছিল। ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা স্থাপিত পাব্লিক লাইব্ৰেৰীৰ পৰা মহামনা মদনমোহন মালৱীয়ৰ দ্বাৰা স্থাপিত ভাৰতী ভৱনলৈকে। বিশ্ববিদ্যালয়ৰ লাইব্ৰেৰী আৰু বহুতো কলেজৰ লাইব্ৰেৰীবোৰতো আছে, প্ৰায় প্ৰতিটো মহল্লাতে এটা সুকীয়া লাইব্ৰেৰী। তাত হাইকোৰ্ট আছে, গতিকে উকীলসকলৰ ব্যক্তিগত লাইব্ৰেৰী, শিক্ষকসকলৰ ব্যক্তিগত লাইব্ৰেৰী। নিজৰ লাইব্ৰেৰী তেনেকুৱা কেতিয়াবা হ’ব, এইটো সপোনতো ভাবিব নোৱাৰিছিলো, কিন্তু নিজৰ মহল্লাত এখন লাইব্ৰেৰী আছিল-‘হৰি ভৱন’। স্কুলৰ পৰা ছুটী পালেই মই তালৈ গৈ জমি পৰো। দেউতা স্বৰ্গী হৈ গৈছিল, লাইব্ৰেৰীৰ চাঁদা দিয়াৰ টকা নাছিল, গতিকে তাতে বহি কিতাপ উলিয়াই পঢ়ি থাকো। সেইদিনবোৰত হিন্দীত বিশ্ব সাহিত্য বিশেষকৈ উপন্যাসৰ বহুত অনুবাদ হৈ আছিল। মোক সেই অনূদিত উপন্যাসবোৰ পঢ়ি বৰ সুখ পাইছিল। মোৰ সৰু-সুৰা ‘হৰি ভৱন’ত বহুত উপন্যাস আছিল। তাতে পৰিচয় হ’ল বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ৰ ‘দুৰ্গেশনন্দিনী’, ‘কপাল কুণ্ডলা’ আৰু ‘আনন্দমঠ’ৰ পৰা টলষ্টয়ৰ
- সেই ভূভাগ যিৰ চাৰিওফালে পানী থাকে 2. প্ৰসিদ্ধ
‘আনা কেৰেনিনা’, ভিক্টৰ হিউগোৰ ‘পেৰিছৰ কুঁজা’ (হাঞ্চবেক অৱ নট্ৰেডাম), গোৰ্কীৰ ‘মাদাৰ’, আলেকজাণ্ডাৰ কুপ্ৰিনৰ ‘গাড়ীওৱালাসকলৰ কটাৰা’ (য়ামা দ্য পিট) আৰু আটাইতকৈ মনোৰঞ্জক চাৰ্ভাণ্টেছৰ ‘বিচিত্ৰ বীৰ’ (অৰ্থাৎ ডন কুইকজোট)। হিন্দীৰ মাধ্যমতে সমগ্ৰ পৃথিৱীৰ কাহিনী-চৰিত্ৰৰ লগত সাক্ষাৎ কৰা কেনেকুৱা আকৰ্ষণীয় আছিল! লাইব্ৰেৰী খোলাৰ লগে লগে উপস্থিত হওঁ আৰু যেতিয়া শুক্লজী লাইব্ৰেৰিয়ানে কয় যে ল’ৰা, এতিয়া উঠা, পুথিভঁৰাল বন্ধ কৰিব লাগিব, তেতিয়া বৰ অনিচ্ছা 1 ৰে উঠো। যিদিনা কোনো উপন্যাস অসম্পূৰ্ণ থাকি যায়, সেইদিনা মনত বেজাৰ লাগে যে কাশ, ইমান টকা থাকিলহেঁতেন যে সদস্য হৈ কিতাপ ইছু কৰি আনিলোহেঁতেন, বা কাশ, এই কিতাপখন কিনিব পাৰিলোহেঁতেন তেন্তে ঘৰত ৰাখিলোহেঁতেন, এবাৰ পঢ়িলোহেঁতেন, দুবাৰ পঢ়িলোহেঁতেন, বাৰে বাৰে পঢ়িলোহেঁতেন কিন্তু জানিছিলো যে এইটো সপোন হে থাকিব, ভালেনেকৈ পূৰ হ’ব পাৰিব!
দেউতাৰ দেহাৱসানৰ পিছত অৰ্থনৈতিক সংকট ইমান বাঢ়িল যে নোসোধিব। ফিজ সংগ্ৰহ কৰাটোও টান আছিল। নিজৰ শৌকৰ কিতাপ কিনাটো সম্ভৱেই নাছিল। এটা ট্ৰাষ্টৰ পৰা যোগ্য কিন্তু অসহায় ছাত্ৰসকলক পাঠ্যপুথি কিনিবলৈ কিছু টকা ছেমিষ্টাৰৰ আৰম্ভণিতে পোৱা গৈছিল। সেইবোৰৰ পৰা প্ৰধান পাঠ্যপুথিবোৰ ‘চেকেণ্ড-হেণ্ড’ কিনিছিলো, বাকীবোৰ নিজৰ সহপাঠীসকলৰ পৰা লৈ পঢ়িছিলো আৰু নোটছ বনাই লৈছিলো। সেইদিনবোৰত পৰীক্ষাৰ পিছত ছাত্ৰসকলে নিজৰ পুৰণি পাঠ্যপুথিবোৰ আধা দামত বিক্ৰী কৰি দিছিল আৰু তাত অহা নতুন কিন্তু দুখীয়া ${ }^{3}$ ছাত্ৰসকলে কিনি লৈছিল। এইদৰেই কাম চলিছিল।
কিন্তু তথাপিও মই জীৱনৰ প্ৰথম সাহিত্যিক পুথিখন নিজৰ টকাৰে কেনেকৈ কিনিলো, এইটো আজিলৈকে মনত আছে। সেইবছৰ ইণ্টাৰমিডিয়েট পাছ কৰিছিলো। পুৰণি পাঠ্যপুথিবোৰ বিক্ৰী কৰি বি.এ.ৰ পাঠ্যপুথিবোৰ ল’বলৈ এখন চেকেণ্ড-হেণ্ড বুকশ্বপলৈ গ’লো। সেইবাৰ জানো কেনেকৈ পাঠ্যপুথিবোৰ কিনিও দুটকা বাকী থাকিল। সন্মুখৰ চিনেমাহলত ‘দেৱদাস’ লগা আছিল। নিউ থিয়েটাৰ্ছৰ। তাৰ বহুত আলোচনা আছিল। কিন্তু মোৰ মাকৰ চিনেমা চোৱা একেবাৰে অপছন্দ আছিল। সেইটোৱেই ল’ৰা-ছোৱালী বেয়া হয়। কিন্তু তাৰ গীতবোৰ চিনেমাগৃহৰ বাহিৰত বজোৱা হৈছিল। তাত সাহগালৰ এটা গীত আছিল-‘দুখৰ
- বেমনেৰে, ইচ্ছা নোহোৱাকৈও 2. পীড়া 3. দুখীয়া
দিন এতিয়া নাযায়’। সেইটো সঘনাই গুণগুণাই থাকো। কেতিয়াবা গুণগুণাওতে চকুত চকুলো আহি যায় জানো কিয়! এদিন মায়ে শুনিলে। মাৰ মনতো শেষত মাৰ মন! এদিন ক’লে-“দুখৰ দিন যাব বোপাই, মন ইমান সৰু কিয় কৰা? ধৈৰ্য্যৰে কাম লোৱা!” যেতিয়া তেওঁলোকক জনা গ’ল যে এইটো ফিল্ম ‘দেৱদাস’ৰ গীত, তেতিয়া চিনেমাৰ ঘোৰ বিৰোধী মায়ে ক’লে-“নিজৰ মন কিয় মাৰি থাকা, গৈ পিকচাৰখন চাই আহা। টকা মই দিম।” মই মাকক ক’লো যে “কিতাপবোৰ বিক্ৰী কৰি দুটকা মোৰ ওচৰত বাকী আছে।” সেই দুটকা লৈ মাৰ সন্মতিৰে ফিল্ম চাবলৈ গ’লো। প্ৰথম শ্ব’ যোৱাৰ পলম আছিল, ওচৰতে নিজৰ চিনাকি কিতাপৰ দোকান আছিল। তাতে ঘূৰি ফুৰিবলৈ ধৰিলো। হঠাতে দেখিলো, কাউণ্টাৰত এখন পুথি ৰখা আছে-‘দেৱদাস’। লেখক শৰৎচন্দ্ৰ চট্টোপাধ্যায়। দাম মাত্ৰ এটকা। মই পুথিখন তুলি উলটাই-পালটাই চালো। তেতিয়া পুথি-বিক্ৰেতাই ক’লে-“তুমি ছাত্ৰ হোৱা। ইয়াতে নিজৰ পুৰণি কিতাপবোৰ বিক্ৰী কৰা। আমাৰ পুৰণি গ্ৰাহক হোৱা। তোমাৰ পৰা নিজৰ কমিচন নলওঁ। কেৱল দহ অনাত এই কিতাপখন দিম”। মোৰ মন পলট খালে। কোনে চাব দেড় টকাত পিকচাৰ? দহ অনাত ‘দেৱদাস’ কিনিলো। খৰধৰকৈ ঘৰলৈ উভতি আহিলো, আৰু দুটকাৰ পৰা বাকী থকা এটকা ছয় অনা মাৰ হাতত দি দিলো।
“অ’ তই উভতি কেনেকৈ আহিল? পিকচাৰ নাচালি?” মায়ে সুধিলে।
“নহয় মা! ফিল্ম নাচালো, এই কিতাপখন লৈ আহিলো চোৱা।”
মাৰ চকুত চকুলো আহিল। সুখৰ আছিল নে দুখৰ, এইটো নাজানো। সেইখন মোৰ নিজৰ টকাৰে কিনা, মোৰ নিজৰ ব্যক্তিগত লাইব্ৰেৰীৰ প্ৰথম কিতাপ আছিল।
আজি যেতিয়া মোৰ পুথি সংগ্ৰহৰ ওপৰত চকু ফুৰাও য’ত হিন্দী-ইংৰাজীৰ উপন্যাস, নাটক, কাহিনী-সংকলন, জীৱনী, স্মৃতিকথা, ইতিহাস, কলা, পুৰাতত্ত্ব ${ }^{1}$, ৰাজনীতিৰ হাজাৰ হাজাৰ ${ }^{2}$ পুথি আছে, তেতিয়া কিমান শিদ্দত ${ }^{3}$ ৰে মনত পৰে মোৰ সেই প্ৰথম পুথিৰ ক্ৰয়! ৰেইনাৰ মাৰিয়া ৰিল্কে, ষ্টিফেন জ্বাইগ, মোপাছাঁ, চেখভ,
- পুৰাতত্ত্ব আৰু ইতিহাসৰ অধ্যয়ন আৰু গৱেষণাৰ সৈতে সম্পৰ্ক ৰখা বিশেষ প্ৰকাৰৰ বিদ্যা 2. হাজাৰতকৈ অধিক 3. অধিকতা, প্ৰবলতা
টলষ্টয়, দস্তয়েভস্কি, মায়াকোভস্কি, ছলঝেনিট্ছিন, ষ্টিফেন স্পেণ্ডাৰ, অডেন এজৰা পাউণ্ড, ইউজিন অ’ নীল, জ্যাঁ পল ছাৰ্ত্ৰ, আলবেৰ কামু, আয়োনেস্কোৰ সৈতে পিকাছো, ব্ৰুগেল, ৰেমব্ৰাণ্ট, হেবাৰ, হুছেইন আৰু হিন্দীত কবীৰ, তুলসী, সূৰ, ৰসখান, জায়সী, প্ৰেমচন্দ, পন্ত, নিৰালা, মহাদেৱী আৰু জানো কিমান লেখক, চিন্তাবিদৰ এই কৃতিসমূহৰ মাজত নিজকে কিমান ভৰা-ভৰা অনুভৱ কৰো।
মাৰাঠীৰ জ্যেষ্ঠ ${ }^{1}$ কবি বিন্দা কৰন্দীকৰে কিমান সঁচা কৈছিল সেইদিনা! মোৰ অপাৰেচন সফল হোৱাৰ পিছত তেওঁলোকে চাবলৈ আহিছিল, ক’লে-“ভাৰতী, এই শত শত মহাপুৰুষসকল যি পুথি-ৰূপত তোমাৰ চাৰিওফালে বিৰাজমান, এইসকলৰেই আশীৰ্বাদত তুমি ৰক্ষা পৰিলা। এইসকলেহে তোমাক পুনৰ্জীৱন দিলে।” মই মনে মনে প্ৰণাম কৰিলো বিন্দাকো, এই মহাপুৰুষসকলকো।
বোধ-প্ৰশ্ন
1. লেখকৰ অপাৰেচন কৰিবলৈ চাৰ্জনসকলে কিয় হেঁচুকি আছিল?
2. ‘কিতাপ থকা কোঠা’ত থাকাৰ পিছপৰ্তি লেখকৰ মনত কি ভাৱনা আছিল?
3. লেখকৰ ঘৰলৈ কোন কোন আলোচনী আহিছিল?
4. লেখকৰ কিতাপ পঢ়া আৰু সাঁচি থোৱাৰ শৌক কেনেকৈ লাগিল?
5. মায়ে লেখকৰ স্কুলীয়া পঢ়াৰ বিষয়ে কিয় চিন্তিত হৈ থাকিছিল?
6. স্কুলৰ পৰা পুৰস্কাৰ হিচাপে পোৱা ইংৰাজীৰ দুয়োখন পুথিয়ে কেনেকৈ লেখকৰ বাবে নতুন পৃথিৱীৰ দুৱাৰ খুলি দিলে?
7. ‘আজিৰ পৰা এই খানা তোমাৰ নিজৰ কিতাপৰ। এইটো তোমাৰ নিজৰ লাইব্ৰেৰী’-দেউতাৰ এই উক্তিটোৰ পৰা লেখকৰ কি প্ৰেৰণা পালে?
8. লেখকৰ দ্বাৰা প্ৰথম পুথি কিনাৰ ঘটনাৰ বৰ্ণনা নিজৰ শব্দত কৰা।
9. ‘এই কৃতিসমূহৰ মাজত নিজকে কিমান ভৰা-ভৰা অনুভৱ কৰো’-ৰ অৰ্থ স্পষ্ট কৰা।
- ডাঙৰ, পূজনীয়